June 16, 2025 7:29 PM | NE Monsoon

printer

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ

উৎকট গৰমৰ পাছত এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ ঘটিছে। ইয়াৰ প্ৰভাৱত অহা কিছুদিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। কোনো কোনো অঞ্চলত ধুমুহা, বতাহেৰে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰা অনুসৰি কেৰালাত অনাগত কেইবাদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। ৰাজ্যখনৰ উত্তৰৰ জিলাসমূহত প্রবল বৰষুণৰ লগতে নামনি অঞ্চলত আবদ্ধ পানীয়ে জনজীৱন ব্যাহত কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যখনৰ ১১ খন জিলাত বন্ধ ঘোষণা কৰা হৈছে। দুৰ্ঘটনাৰ আশংকাত অহা কেইদিনমানলৈ পৰ্যটকৰ বাবে পাহাৰীয়া অঞ্চল ভ্ৰমণত বাধা আৰোপ কৰাৰ লগতে সাধাৰণ লোককো নিশাৰ ভাগত ভ্ৰমণ নকৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে ।
মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাত যোৱানিশাৰ নেৰানেপেৰা বৰষুণৰ ফলত বাটপথত পানী জমা হোৱাৰ লগতে নদীসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে। ইয়াৰ ফলত জিলাখনত পৰিবহণ ব্যৱস্থা বিঘ্নিত হৈছে। ৰত্নগিৰি আৰু সিন্দুদুৰ্গ অঞ্চলত অহা ২৪ ঘণ্টালৈ ৰেড এলার্ট জাৰি কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।