ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 7, 2024 1:09 PM | Weather

printer

উত্তৰ-পূৰ্বাঞ্চলত ৬ দিন ধৰি বৰষুণৰ লগতে প্রতিঘণ্টাত ৫০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলত অহা ৬ দিন ধৰি বৰষুণৰ লগতে প্রতিঘণ্টাত ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, চট্টিশগড়, পশ্চিমবংগ আৰু ওড়িশাৰ বিভিন্ন অংশত আজি বতৰ অতি বেয়া হ’ব পাৰে বুলি সতর্কবাণী জাৰি কৰিছে। ইয়াৰ লগতে বিভাগটোৱে দেশৰ বিভিন্ন অংশত বিজুলী-ঢেৰেকনিৰে মজলীয়া ধৰণৰ বৃষ্টিপাত হ’ব পাৰে আৰু ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, বিহাৰত কাইলৈপৰ্যন্ত বতৰ বেয়া হৈ থাকিব বুলি প্ৰকাশ কৰিছে। ইপিনে বিভাগটোৱে দেশৰ পূব আৰু উপদ্বীপীয় অঞ্চলত আজি আৰু কাইলৈ গ্ৰীষ্ম প্রবাহ অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। তামিলনাডু, কর্ণাটক আৰু তেলেংগানাৰ বিভিন্ন অংশত আজি গ্ৰীষ্ম প্রবাহৰ সম্ভাৱনা থকাৰ লগতে গুজৰাট, অন্ধ্রপ্রদেশ, পুডুচেৰী আৰু কেবালাত বতৰ অহা ১০ এপ্রিলপৰ্যন্ত গৰম আৰু আৰ্দ্ৰ হৈ থাকিব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।