ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানৰ য়েল্ল’ এলাৰ্ট জাৰি

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। অসমৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। যোৱা মাজনিশাৰে পৰা গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ হয়। মহানগৰীৰ কোনো কোনো অংশত ১০০ৰ পৰা ১১২.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়। বৰষুণৰ ফলত গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে অসমৰ সৈতে মেঘালয় আৰু আন কেইবাখনো ৰাজ্যক সংযোগ কৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা খানাপাৰাত প্লাৱিত হোৱাৰ ফলত যোগাযোগ ব্যৱস্থা প্ৰভাৱিত হৈছে। বতৰ বিজ্ঞান প্রতিষ্ঠানে জনোৱা মতে ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনা থকাৰ লগতে কিছু অঞ্চলত ২০০ মিলিমিটাৰলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঠাই বিশেষে গছ উভালি পৰা তথা ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে পৰিস্থিতি পর্যবেক্ষণ কৰি থকাৰ লগতে জৰুৰীকালীন সেৱাসমূহ সাজু কৰি ৰাখিছে। গুৱাহাটীৰ বিভিন্ন বিদ্যালয় সতর্কতামূলক ব্যৱস্থা হিচাপে আজি বন্ধ ৰখা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।