উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নতৰ লক্ষ্যৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

● ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, যে উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ পথ কৰিড’ৰ আৰু মূল পথেৰে বিমান বন্দৰলৈ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰী সিন্ধিয়াই কালি কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২ কোটি টকা ব্যয়সাপেক্ষ ৫টা প্ৰকল্পৰ উদ্বোধন আৰু ৪৪৩ কোটি টকা ব্যয় সাপেক্ষ ১১টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তিনিদিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ডলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি হর্নবিল মহোৎসৱৰ অংশ হিচাপে ৰাজ্যখনৰ টুঅ’ফেমা গাঁৱত আংগামী নগাসকলৰ পৰম্পৰাগত কাৰ্যসূচীত অংশ লয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপান্তৰকৰণৰ দৰ্শনৰ কথা উল্লেখ কৰি শ্ৰী সিন্ধিয়াই কয়, যে এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সহযোগিতাত কেন্দ্ৰীয় চৰকাৰে অষ্টলক্ষ্মী দৃষ্টিভংগীৰ প্ৰসাৰৰ বাবে অভিলাষী ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সামূহিক উন্নয়নৰ ৰূপৰেখা প্ৰস্তুতৰ বাবে মুখ্যমন্ত্ৰী সকলৰ অধ্যক্ষতাত ৮টা উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।