উত্তৰ-পূৰ্বাঞ্চলক লৈ মহম্মদ ইউনুছৰ মন্তব্যক তীব্ৰভাৱে গৰিহণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সাতভনীৰ ৰাজ্য উত্তৰ-পূৰ্বাঞ্চলক স্থলবদ্ধ আৰু বাংলাদেশক মহাসাগৰীয় প্ৰৱেশৰ ৰক্ষক হিচাপে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৰা মন্তব্যক তীব্ৰভাৱে গৰিহণা দিছে। ড০ শৰ্মাই এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকেন নেক কৰিড’ৰৰ চাৰিওফালে আৰু অধিক শক্তিশালী ৰে’ল আৰু পথৰ সংযোগ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উত্তৰ-পূৱক মূল ভাৰতৰ সৈতে সংযোগ কৰাৰ বিকল্প পথসমূহৰ অন্বেষণ সন্দৰ্ভত আলোকপাত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।