ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 22, 2025 7:34 PM | NF Railway

printer

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ১০০% ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণৰ দিশে আগবাঢ়িছে

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ১০০ শতাংশ ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনাইছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তা সন্দীপ কুমাৰে শেহতীয়াকৈ সমগ্ৰ অঞ্চলটোত নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা তিনিটা অংশত বিধিগত নিৰীক্ষণ সম্পূৰ্ণ কৰে। এই নিৰীক্ষণত বিদ্যুৎ ব্যৱহাৰৰ দ্বাৰা বাণিজ্যিক ৰে’ল সেৱাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু সুৰক্ষা নিশ্চিতিৰ দিশটো বিশেষভাৱে লক্ষ্য ৰখা হয়। মুখ্য অভিযন্তাগৰাকীয়ে প্ৰথমে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং ডিভিজনৰ অধীনৰ নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৪৪ কিলোমিটাৰ ৰে’লপথ নিৰীক্ষণ কৰে। ইয়াৰ পাছত ৰঙিয়া ডিভিজনৰ অধীনৰ আজাৰা-দুধনৈ সংযোগী ৯৯ কিলোমিটাৰ ৰে’লপথৰ বিধিগত নিৰীক্ষণ কৰা হয়। অভিযন্তাগৰাকীয়ে চূড়ান্ত পৰ্যায়ত তিনিচুকীয়া ডিভিজনৰ অধীনৰ নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা দুলীয়াজান-তিনিচুকীয়া আৰু তিনিচুকীয়া-ডিব্ৰুগড় ৰে’লপথ নিৰীক্ষণ কৰে।