ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 9, 2025 11:34 AM | NF Railway

printer

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্রবন্ধক চেতন শ্রীবাস্তৱৰ বিৰুদ্ধে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ

নিখিল ভাৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি ৰে’লৱে কৰ্মচাৰী সন্থাৰ এন এফ ৰে’লৱে মণ্ডল সমিতিয়ে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্রবন্ধক চেতন শ্রীবাস্তৱৰ বিৰুদ্ধে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ আনিছে। কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সমিতিৰ সাধাৰণ সম্পাদক তাৰিণীচৰণ দাসে কয়, যে বিগত দুটা বৰ্ষত বিষয়াগৰাকীয়ে প্ৰতিটো ক্ষেত্ৰতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি কৰ্মচাৰীসকলক বদলিকৰণ, পদোন্নতিকে ধৰি সকলো সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। আনকি সংবিধান প্রণেতা বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰৰ জন্মদিনকো বিষয়াগৰাকীয়ে অৱজ্ঞা কৰা বুলি তেওঁ অভিযোগ কৰে। বিষয়াগৰাকীৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি বিৰোধী মানসিকতাই সংবিধানৰ কেইবাটাও অনুচ্ছেদ ভংগ কৰাৰ উপৰি ৰে’লৱে বৰ্ড, ৰে’লৱে মন্ত্ৰালয়ত আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো নিৰ্দেশনা উলংঘা কৰা বুলি সংবাদ মেলখনত অভিযোগ কৰে।