উত্তৰ-পূব উন্নয়ন আৰু বস্ত্ৰ মন্ত্ৰালয়ে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ত-তাঁত খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিব বুলি ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ

নতুন দিল্লীত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী শীৰ্ষ সন্মিলন ২০২৫ৰ কালি সামৰণি পৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰালয়ে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ত-তাঁত খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিব বুলি প্ৰকাশ কৰে। উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰ অধ্যয়ন কৰি তিনি মাহৰ ভিতৰত হস্ত-তাঁত খণ্ডৰ বিষয়ে প্রতিবেদন দাখিলৰ নিৰ্দেশ দিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰতিবেদনৰ আধাৰত দুয়োটা মন্ত্ৰ্যালয়ে এই সম্ভাৱনাপূৰ্ণ খণ্ডৰ প্ৰসাৰৰ বাবে পদক্ষেপ ল’ব। শ্ৰীমাৰ্ঘেৰিটাই দেশৰ ভিতৰতে অসমত সৰ্বাধিক হস্ত-তাঁত আৰু বস্ত্ৰ শিল্পৰ শিপিনী আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ- পূৰ্বাঞ্চলৰ ৬৫ শতাংশ হস্ত শিল্পৰ কাম উপলব্ধ৷
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই প্ৰতিবছৰে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ’ব বুলি কালি এই অনুষ্ঠানত অংশ লৈ ঘোষণা কৰে। তেওঁ কয়, যে বিভিন্ন উদ্যমৰ জৰিয়তে অঞ্চলটোত ক্রীড়াতন্ত্র শক্তিশালী কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। ২০৩০ চনত কমনৱেল্থ গেমছ আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বছৰৰ যিকোনো সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আয়োজনৰ বাবে ভাৰত সঠিক স্থান।
উত্তৰ-পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনে ৪ লাখ ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰা বুলি প্ৰকাশ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলক শক্তিশালী কৰি দেশৰ প্ৰগতিৰ চালিকাশক্তিৰূপে গঢ়ি তোলাৰ দিশৰ পৰা ইয়াক সঁচা অৰ্থত পাতনি বুলি অভিহিত কৰিব পৰা যায় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।