ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰ-পূব অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ প্রহ্লাদ যোশী

উত্তৰ-পূব অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত শক্তিশালী ভাৰতৰ বাবে সেউজ উত্তৰ-পূব, নবীকৰণযোগ্য শক্তিৰ বিকাশ বিষয়ক মন্ত্রী পৰ্যায়ৰ সত্ৰত ভাষণ দি শ্রীযোশীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবত অভূতপূর্ব উন্নয়ন পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূবত অব্যৱহৃত নবীকৰণযোগ্য শক্তিৰ বিশাল সম্পদ আছে। তেওঁ কয়, যে শক্তিৰ বৃৰ্ধিত চাহিদাৰে এই প্ৰাকৃতিক সুবিধাসমূহৰ সহায়ত দেশৰ সেউজ বিকাশৰ পৰিকল্পনাসমূহত উত্তৰ-পূব অঞ্চলে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।
উত্তৰ-পূবৰ পৰিৱৰ্তন তথা ইয়াৰ সম্ভাৱনাসমূহ ব্যৱহাৰৰ দিশত অংশগ্রহণ তথা বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ শ্ৰীযোশীয়ে উদ্যোগপতি তথা বিনিয়োগকাৰীসকলৰ প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।