ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 26, 2025 6:49 PM | Mann Ki Baat

printer

উত্তৰ-পূবৰ কফিয়ে বিশ্বত ভাৰতীয় কফিৰ পৰিচয়ত শক্তিশালী ভূমিকা ল’ব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত মন্তব্য কৰে

ভাৰতৰ কফিৰ জনপ্রিয়তা বর্তমান বিশ্বজুৰি বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলতো সম্প্রতি কফি খেতি জনপ্রিয় হৈছে আৰু উত্তৰ-পূবৰ কফিয়ে বিশ্বত ভাৰতীয় কফিৰ পৰিচয় শক্তিশালী কৰাত ভূমিকা ল’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এইদৰে কয়।

প্রধানমন্ত্রীয়ে ষট্ পূজাৰ কথা উল্লেখ কৰি কয়, যে এই উৎসৱ হৈছে সংস্কৃতি, প্রকৃতি আৰু সমাজৰ গভীৰ একতাৰ প্ৰতিফলন। তেওঁ সমগ্র দেশবাসী, বিশেষকৈ বিহাৰ, ঝাৰখণ্ড আৰু পূৰ্বাঞ্চলৰ লোকসকলক ষট্ পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

শ্রীমোদীয়ে অপাৰেচন সিন্দুৰে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰিলে বুলি মন কী বাতত প্রকাশ কৰে। তেওঁ লগতে কয়, যে এইবাৰৰ দীপাৱলীত এসময়ত মাওবাদী সন্ত্রাসৰ প্ৰভাৱ থকা অঞ্চলতো চাকিৰ পোহৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰিলে। উৎসৱৰ বতৰত থলুৱা সামগ্ৰীৰ আদৰ তথা বিক্ৰী বৃদ্ধি হোৱাৰ কথাত তেওঁ আনন্দ প্রকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা ৩১ অক্টোবৰত পালন কৰিবলগীয়া চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিৱসৰ কথা উল্লেখ কৰি কয়, যে এই উপলক্ষে প্ৰতি বছৰে গুজৰাটৰ একতা নগৰত থকা একতাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। দেশৰ প্ৰতি চৰ্দাৰ পেটেল আগবঢ়াই যোৱা অৱদানক প্রধানমন্ত্রীয়ে গভীৰভাৱে স্মৰণ কৰে। তেওঁ চৰ্দাৰ পেটেলৰ সোঁৱৰণত ৩১ অক্টোবৰত দেশজুৰি হ’বলগীয়া একতাৰ দৌৰত অংশগ্রহণ কৰিবলৈ সকলোকে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।