উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত তথা ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে অঞ্চলটোৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন বিশেষ বৈঠকৰ আয়োজন কৰে। এই মঞ্চখনে ৰাষ্ট্রীয় পৰ্যায়ত অঞ্চলটোৰ সমস্যাসমূহ তুলি ধৰিব। দিল্লীৰ কনষ্টিটিউচন ক্লাবত ‘ৱান নৰ্থ-ইষ্ট’ শীৰ্ষক এখন সংবাদ মেল সম্বোধন কৰি এন পি পিৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই এই কথা প্রকাশ কৰে। তেওঁ কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তিশালী ভৱিষ্যতৰ বাবে এনেদৰে একত্ৰিত হৈ আগবঢ়াটো সময়ৰ আহ্বান। বিজেপিৰ মিত্ৰদল আৰু নেডাৰ অংশীদাৰ হোৱাৰ পাছতো নতুন আঞ্চলিক মঞ্চ গঠনৰ প্রয়োজন আছে বুলি তেওঁ উল্লেখ কৰে। কোনো সম্প্রদায় অথবা সংখ্যালঘুৰ বিৰোধিতা নকৰাকৈ নিজৰ অধিকাৰৰ কথা মুক্তভাৱে প্ৰকাশ কৰিব নোৱাৰাসকলৰ অধিকাৰ ৰক্ষাৰ বাবে এই মঞ্চখনে কাম কৰি যাব বুলি তেওঁ কয় ।
সংবাদমেলত ত্ৰিপুৰাৰ টিপ্ৰা মথাৰ অধ্যক্ষ প্রদ্যুত বিক্রম মানিক্য দেৱবাৰ্মাই উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজনৈতিক শক্তি একগোট হৈ সমস্যাবোৰ উপস্থাপন কৰিলে ই ফলপ্রসূ হ’ব বুলি মত প্ৰকাশ কৰে আৰু বৈঠকখন এই ক্ষেত্ৰত এটা সুন্দৰ আৰম্ভণি হৈছে বুলি মন্তব্য কৰে। শক্তিশালী ঐক্যবদ্ধ উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ বাবে প্রতিশ্রুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাসমূহ নতুন দিল্লীত ফলপ্রসূভাৱে উত্থাপন কৰাৰ বাবে সুনির্দিষ্ট পৰিকল্পনা যুগুত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। এই আলোচনাত নাগালেণ্ডৰ প্ৰাক্তন মন্ত্রী এম কিকন, অসমৰ ডিমা হাচাও জিলাৰ পিপলছ পাৰ্টী অব্ আছামৰ নেতা ডেনিয়েল লাংথাছাকে ধৰি কেইবাগৰাকীও আঞ্চলিক ভাবধাৰাৰ নেতাই অংশগ্রহণ কৰে। উল্লেখযোগ্য যে এই ৰাজনৈতিক মঞ্চ গঠনৰ বাবে এখন ৯ জনীয়া সমিতি গঠন কৰা হৈছে। সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজনৈতিক দলৰ সৈতে আলোচনা কবি ৪৫ দিনৰ ভিতৰত মঞ্চ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব ।