উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাঙ্গনত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউন্ট ডাউন কার্যসূচী অনুষ্ঠিত

ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম, কামৰূপ জিলা প্রশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাঙ্গনত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউন্ট ডাউন কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত আৰ্ট অৱ লিভিঙে সহযোগ কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্র মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে কেবাখনো বিদ্যালয়ৰ ৪০০ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।