■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ কৰিমগঞ্জ বিধান সভা সমষ্টিৰ ১৪ হাজাৰ ১৩৫ গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে।

শ্ৰীভূমি জিলাৰ ক্রীড়া সন্থা খেলপথাৰত এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষন দি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকলক আর্থিকভাৱে সবল কৰি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ বিকাশ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ মহিলাসকলক এই ধনৰাশিৰ যথোচিত ব্যৱহাৰেৰে স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়।

ড০ শৰ্মাই ইয়াৰ পাছত আজি কাটিগড়া আৰু বৰখলা বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলকো উদ্যমিতা আঁচনিৰ অধীনত চেক প্ৰদান কৰিব।
উল্লেখযোগ্য যে এদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে কাছাৰ জিলাৰ শিলচৰত সদ্যপ্রয়াত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে। ড০ শৰ্মাই প্রয়াত নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।