ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰাখণ্ডৰ হৰিদ্বাৰত থকা মনষা দেৱীৰ মন্দিৰলৈ যোৱা পথত পদপিষ্ট হৈ কমেও ৮ জন লোক নিহত, ৩০ জন আহত

উত্তৰাখণ্ডৰ হৰিদ্বাৰত থকা মনষা দেৱীৰ মন্দিৰলৈ যোৱা এটা পথত কালি পদপিষ্ট হৈ কমেও ৮ জন লোক নিহত হোৱাৰ লগতে আন ৩০ জন লোক আঘাতপ্রাপ্ত হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্রমেন্দ্র সিং ডোভালে কৈছে যে অঞ্চলটোত বিদ্যুৎ প্ৰৱাহ হোৱা বুলি এটা ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ পাছত জনসাধাৰণৰ মাজত হুৱাদুৱা লগাৰ ফলতে এই দুর্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। হৰিদ্বাৰ জিলা প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেইবাটিও শিশু আৰু বয়োজ্যেষ্ঠ তীর্থযাত্রী আছে। এই লোককেইজন উত্তৰ প্ৰদেশ, বিহাৰ আৰু উত্তৰাখণ্ডৰ বুলি জানিব পৰা গৈছে। চলিত শাওণ মাহত হাজাৰ হাজাৰ ভক্তই এই মন্দিৰটোলৈ পূজা-অৰ্চনাৰ বাবে অহাৰ পৰিপ্ৰেক্ষিততেই অত্যাধিক ভিৰ হোৱাৰ ফলত পদপিষ্টৰ ঘটনা সংঘটিত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাত গভীৰ শোক প্রকাশ কৰাৰ লগতে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে। মুখ্যমন্ত্ৰী ধামীয়ে ঘটনাটো দণ্ডাদীশ পৰ্যায়ৰ তদন্তৰ বাবে নিৰ্দেশ দিছে আৰু এই ঘটনাৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ইতিমধ্যে ঘটনা নিহত লোকসকলৰ নিকটাত্মীয়লৈ ২ লাখ আৰু আহত লোকসকলৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰ্ণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক