ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰাখণ্ডৰ কেদাৰনাথৰ গৌৰীকুণ্ড খাৰ্কৰ পাৰ্বত্য অঞ্চলত হেলিকপ্তাৰ ধ্বংসপ্রাপ্ত

উত্তৰাখণ্ডৰ কেদাৰনাথ এলেকাৰ গৌৰীকুণ্ড খাৰ্কৰ পাৰ্বত্য অঞ্চলত আজি পুৱা এখন হেলিকপ্তাৰ ধ্বংসপ্রাপ্ত হয়। এই দুৰ্ঘটনাত এজন পাইলট আৰু ছগৰাকী তীর্থযাত্রীসহ মুঠ ৭ গৰাকী লোকৰ মৃত্যু হয়। হেলিকপ্তাৰখন কেদাৰনাথৰ পৰা গুপ্তকাশী অভিমুখে আহি আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। এছ ডি আৰ এফে প্ৰকাশ কৰা অনুসৰি হেলিকপ্তাৰখন সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় আৰু আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে এই শোকাবহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। বিমান দুর্ঘটনা তদন্ত ব্যুৰ’য়ে এই ঘটনাৰ তদন্ত কৰিব। অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্রধানে কয়, যে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰখনে গুপ্তকাশী অভিমুখে আজি পুৱা কেদাৰনাথৰ পৰা যাত্ৰা কৰিছিল আৰু গৌৰীকুণ্ডৰ ওচৰত ধ্বংসপ্রাপ্ত হয়। এই দুৰ্ঘটনাৰ পাছতে অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্রধানে চাৰধামলৈ তীর্থযাত্রী অনা নিয়া কৰা হেলিকপ্তাৰৰ সংখ্যা হ্ৰাস কৰিছে। আনহাতে, মুখ্যমন্ত্ৰী ধামীয়ে দুদিনৰ বাবে হেলিকপ্তাৰ সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে। তেওঁ কয় যে যাত্ৰীৰ সুৰক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সেয়ে দুৰ্ঘটনাৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত হেলিকপ্তাৰ সেৱা পুনৰ আৰম্ভ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক