September 3, 2025 1:07 PM | FIDE Grand Swiss

printer

উজবেকিস্তানত আজিৰে পৰা এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা

উজবেকিস্তানৰ সমৰখণ্ডত আজিৰে পৰা চলিত বৰ্ষৰ এফ আই ডি ই গ্ৰেণ্ড ছুইছ ডবা প্ৰতিযোগিতা আৰম্ভ হ’ব। ছিল্ক ৰোড প্ৰদৰ্শনী কেন্দ্ৰত আয়োজিত এই প্রতিযোগিতাখনত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ ভাৰতীয় খেলুৱৈ আৰ প্রজ্ঞানানন্দক মুকলি শিতানত প্ৰথম বাছনিত স্থান দিয়া হৈছে। একে শিতানত ভাৰতৰ বিশ্ব ছেম্পিয়ন ডি . গুকেশ, অৰ্জুন এৰিগাইছি আৰু যোৱাবাৰৰ বিজয়ী বিদীত গুজৰাটীয়ে দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব।
ইপিনে, ভাৰতৰ মহিলা চেম্পিয়ন দিব্যা দেশমুখেও মুকলি শিতানত প্ৰতিদ্বন্দ্বিতা কৰিব। মহিলাৰ শাখাত যোৱাবাৰৰ বিজয়ী বৈশালী ৰমেশবাবুৱে এই বেলিও দেশলৈ গৌৰৱ কঢ়িনাই আনিব বুলি আশা কৰা হৈছে। উদীয়মান তাৰকা বন্তিকা আগৰৱালেও মহিলা শিতানত শক্তিশালী প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে।
প্রতিযোগিতাৰ মুকলি শিতানত ১১৬ আৰু মহিলাৰ শিতানত ৫৬ গৰাকীকে ধৰি মুঠ ১৭২ গৰাকী খেলুৱৈয়ে ভাগ ল’ব। উভয় শিতনৰ শীৰ্ষ খেলুৱৈ দুগৰাকীয়ে পৰৱৰ্তী বৰ্ষৰ কেণ্ডিডেটছ ডবা প্রতিযোগিতালৈ যোগ্যতা অর্জন কৰিব ।
প্ৰতিযোগিতাখন ১১ ৰাউণ্ড ছুইছ পদ্ধতিত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত বিজয়ীসকলৰ বাবে মুকলি শিতানত ৬ লাখ ২৫ হাজাৰ মাৰ্কিন ডলাৰ আৰু মহিলাৰ শিতানত ২ লাখ ৩০ হাজাৰ মাৰ্কিন ডলাৰ পৰিমাণৰ ধন পুৰষ্কাৰ হিচাপে ধাৰ্য কৰা হৈছে। বিশ্ব ডবাৰ আগশাৰীৰ এই প্ৰতিযোগিতাখনৰ অহা ১৫ ছেপ্তেম্বৰত সামৰণি পৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।