উজনি অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সামগ্রিক কল্যাণৰ বাবে উজনি অসম মুছলীম কল্যাণ পৰিষদে অসম বিধানসভাত ৩ খন আৰু ৰাজ্যসভাৰ এখন আসন মুছলমানৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰিছে। আজি শিৱসাগৰত পৰিষদৰ কেন্দ্ৰীয় সভাপতি মনিৰুল ইচলাম বৰাই এখন সংবাদমেলযোগে এই দাবী উত্থাপন কৰে। তেওঁ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মুছলমানৰ বাবে ১৫ শতাংশ সংৰক্ষণ, ন্যায়াধীশ ৰাজীন্দৰ সিং চাচৰৰ প্ৰতিবেদনৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাকে ধৰি কেইবাটাও দাবী সংবাদমেলযোগে উত্থাপন কৰে।
Site Admin | December 1, 2024 7:14 PM | Assam Muslim Kalyan Parishad
উজনি অসম মুছলীম কল্যাণ পৰিষদৰ অসম বিধানসভাত ৩ খন আৰু ৰাজ্যসভাৰ এখন আসন মুছলমানৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন
