উজনি অসমত প্ৰথমবাৰলৈ আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত আৰু অসম আৰ্চাৰী সন্থা, ডিব্ৰুগড় জিলা ক্রীড়া সন্থা তথা ডিব্ৰুগড় ক্রীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত উজনি অসমত প্ৰথমবাৰলৈ আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। মণিপুৰৰ প্ৰশিক্ষক ছানাটোম্বা সিঙে প্রশিক্ষণ দি থকা আৰু শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা এই শিবিৰ ৩০ জুলাইলৈ চলিব। কালি প্ৰশিক্ষণৰ অষ্টম দিনটোত প্ৰশিক্ষকগৰাকীয়ে প্ৰশিক্ষাৰ্থী তথা অভিভাৱকসকলৰ সৈতে এখন সৌহার্দ্যপূর্ণ সভাত অংশগ্ৰহণ কৰে ৷