উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈ নামভৰ্তি বাতিল হোৱা শিক্ষাৰ্থীসকলৰ ধন সম্পূৰ্ণকৈ প্ৰত্যাৰ্পণ কৰিব লাগিব

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈ নামভৰ্তি বাতিল হোৱা শিক্ষাৰ্থীসকলৰ ধন সম্পূৰ্ণকৈ প্ৰত্যাৰ্পণ কৰিব লাগিব। বিশ্ববিদ্যালয় অনুদান আয়োগে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ নতুন মাচুল প্রত্যার্পণ নীতিত এই বিষয়ে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, শিক্ষার্থী আৰু অভিভাৱকসকলে নামভর্তি প্ৰত্যাহ্বাৰ অথবা বাতিল হোৱাৰ পাছত মাচুল ওভতাই নোপোৱা সন্দৰ্ভত অভিযোগ উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক আইনৰ অধীনৰ সকলো উচ্চ শিক্ষাৰ প্রতিষ্ঠান, বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠান, ডীমদ বিশ্ববিদ্যালয় তথা নামভৰ্তিৰ পৰামৰ্শ প্ৰদান কৰাৰ সৈতে জড়িত সংস্থাসমূহৰ ক্ষেত্ৰত এই নীতি প্রযোজ্য হ’ব। উচ্চ শিক্ষা নিয়ন্ত্রক সংস্থাটোৱে প্ৰকাশ কৰিছে যে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰৰ পাছৰ পৰা ৩১ অক্টোবৰলৈ সৰ্বাধিক এহেজাৰ টকা প্ৰক্ৰিয়াকৰণ মাচুল হিচাপে কৰ্তন কৰাৰ পাছত বাকী ৰোৱা ধনখিনি ওভতাই দিব লাগিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।