উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰচৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা অভিযোগৰ শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ নতুন দিল্লীৰ চৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি অস্বীকাৰ কৰে। ন্যায়াধীশ অভয় এছ. ওকা আৰু উজ্বল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে আবেধনখন খাৰিজ কৰি কয় যে মুখ্য ন্যায়াধীশে তদন্ত প্রতিবেদন আৰু ন্যায়াধীশ বাৰ্মাৰ উত্তৰ ইতিমধ্যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। ন্যায়ালয়ে কয় যে, আবেদনকাৰীয়ে প্ৰথমে সংশ্লিষ্ট বিষয়াৰ সৈতে যোগাযোগ কৰা উচিত।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।