অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.৩২ শতাংশ, বিজ্ঞান শাখাত ৮৩.৯৯ শতাংশ, বাণিজ্য শাখাত ৮২.৯৩ শতাংশ আৰু বৃত্তিগত শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৮৪ শতাংশ। কলা শাখাত অৱতীৰ্ণ ২,২৬,৭৫৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৯,৫৭৭ গৰাকী প্ৰথম, ৮০,৬৫০ গৰাকী দ্বিতীয় আৰু ৫৩,৫১৮ গৰাকী শিক্ষার্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
একেদৰে বিজ্ঞান শাখাত অৱতীৰ্ণ ৫৬,৯০৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৫,৮২৭ গৰাকী প্ৰথম, ১৯,২৮৬ গৰাকী দ্বিতীয় আৰু ৩,১৯৬ গৰাকী শিক্ষার্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
বাণিজ্য শাখাত অৱতীৰ্ণ ১৭,৭৪৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬,৫১৯ গৰাকী প্ৰথম, ৫,৭৬০ গৰাকী দ্বিতীয় আৰু ২,৩০৫ গৰাকী শিক্ষার্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
ঘোষিত ফলাফল অনুসৰি এইবেলি তিনিওটা শাখাতে উত্তীৰ্ণৰ হাৰ ২০২৪ বৰ্ষৰ তুলনাত কিছু হ্ৰাস পাইছে।
ফলাফল প্রকাশৰ পাছতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে বামুণীমৈদামৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি পৰীক্ষা হৈ যোৱাৰ ৪৪ দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হৈছে বুলি প্ৰকাশ কৰে। ফলাফল ঘোষণাৰ পাছতে পৰীক্ষাৰ্থীসকলে ই-মার্কশ্বিট ডাউনল’ড কৰিব পৰাকৈ উপলব্ধ হৈছে। উচ্চ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ পৰীক্ষাৰ ফলাফলৰ তথ্যসমূহ ডিজি লকাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। লগতে সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বতে প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিট সুকীয়াকৈ প্ৰদান কৰাৰ বিপৰীতে এইবাৰ মাৰ্কশ্বিট আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰ একেখন হ’ব। বাহিৰত অধ্যয়নৰ বাবে দুখনকৈ নথি আপল’ড কৰাত অসুবিধাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে সচিব নৰনাৰায়ণে প্ৰকাশ কৰে। ফলাফল ঘোষণাৰ দুদিন পাছত বহী পুনৰীক্ষণৰ বাবে প’ৰ্টেল মুকলি কৰা হব। এই সন্দৰ্ভত সচিব নাথে কয়, যে পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট হোৱা পৰীক্ষাৰ্থীসকলে বহী পুনৰীক্ষণৰ বাবে এই প’ৰ্টেলযোগে আবেদন কৰিব পাৰিব। বহী পুনৰীক্ষণৰ বাবে কোনো পৰীক্ষাৰ্থী পৰিষদৰ কাৰ্যালয়লৈ যোৱা প্ৰয়োজন নাই। সংশ্লিষ্ট পৰীক্ষাৰ্থীয়ে বিচাৰিলে পৰীক্ষাৰ্থীৰ্গৰাকীৰ ই-মেইলত বহীৰ স্কেন কপিও প্ৰদান কৰা হ’ব।
Site Admin | April 30, 2025 7:57 PM | AHSEC Result
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা
