ডাউনলোড
মোবাইল এপ

android apple
signal

January 17, 2025 11:02 AM | Panchayat Election

printer

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হ’লেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হ’লেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। কালি মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। তেওঁ কয়, যে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছদিনাই পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব। চৰকাৰে পৰীক্ষাৰ মাজত কোনো নিৰ্বাচন অনুষ্ঠিত নকৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচনতকৈ ৰাজ্যত ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণত বেছিকৈ গুৰুত্ব দিয়ে।

অধিক পঢ়ক

সকলো চাওক