প্ৰশ্নকাকত ফাদিল আৰু প্ৰ’ট’কল উলংঘাৰ বাতৰিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা ২৯ মাৰ্চলৈ হ’বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কাইলৈ হ’বলগীয়া অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৈঠকত পৰৱৰ্তী ব্যৱস্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে। ইপিনে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্ধাৰিত সময়ৰ পূৰ্বে একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকতৰ পেকেটৰ চীল খোলাৰ বাবে ১০ খন জিলাৰ ১৫ খন ব্যক্তিগত বিদ্যালয়ৰ স্বীকৃতি সাময়িকভাৱে বাতিল কৰিছে। ৰাজ্য চৰকাৰে নিয়মভংগৰ বাবে ৩ খন প্ৰাদেশিকীকৃত বিদ্যালয়ৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব। এই সংক্রান্তত এজাহাৰ ৰুজু কৰা হৈছে আৰু বিদ্যালয়কেইখনক ২০২৫-২৬ বৰ্ষৰ বাবে একাদশ শ্রেণীত নামভৰ্তিৰ পৰা বাৰণ কৰা হৈছে।
Site Admin | March 23, 2025 12:21 PM | HS First year Exam
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা ২৯ মাৰ্চলৈ হ’বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল