ডাউনলোড
মোবাইল এপ

android apple
signal

July 18, 2025 8:09 PM | CM Appointment

printer

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত চলিত বছৰৰ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইকথা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত নিযুক্ত ডেৰ লাখতকৈও বৃদ্ধি পাব বুলি ৬০ শর্মাই উল্লেখ কৰে। আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱক্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থী আছে। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমুঠ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ২১ হাজাৰ ১৮২ লৈ বৃদ্ধি পালে ।
এই অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কয়, যে আজি এই প্ৰৱক্তাসকলৰ নিযুক্তিয়ে ৰাজ্যৰ প্ৰযুক্তিগত শিক্ষা খণ্ডত গুৰুত্বপূৰ্ণ উন্নয়ন সাধন কৰিবলৈ সমৰ্থ হ’ব। এই পদক্ষেপে ৰাজ্য চৰকাৰৰ স্বচ্ছতা, মেধা আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে দৃঢ় সংকল্পক প্রতিফলিত কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে।