ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি

● ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱক্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমুঠ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ২১ হাজাৰ ১৮২ লৈ বৃদ্ধি পালে।

ইপিনে, ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং মহাবিদ্যালয়ৰ ৪৩ সংখ্যক প্রতিষ্ঠা দিৱসত অংশ লৈ দিয়া ভাষণত শিক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে।

তেওঁ লগতে কয়, যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবেও প্ৰায় ৫ হাজাৰ ৫০০ শিক্ষকৰ নথি পত্ৰ পৰীক্ষাৰ কাম চলি আছে আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই শিক্ষকসকলক নিযুক্তি দিয়া হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।