উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি

■ ৰাজ্য চৰকাৰে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱৰ্ত্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমুঠ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ২১ হাজাৰ ১৮২ লৈ বৃদ্ধি পাব।
ইপিনে, ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং মহাবিদ্যালয়ৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবেও প্রায় ৫ হাজাৰ ৫০০ শিক্ষকৰ নথি পত্ৰ পৰীক্ষাৰ কাম চলি আছে। এই প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছতেই শিক্ষকসকলক নিযুক্তি দিয়া হ’ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ১৯৮২ চনৰ পৰাই খোৱাং অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰলৈ অৰিহণা আগবঢ়াই অহা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিমূলক আৰু শৈক্ষিক পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে।