উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ দ্বাৰা উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে উত্তৰ গুৱাহাটীৰ ৰংমহলত আজি সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত আইন মন্ত্রী অর্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কৌটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত আছিল। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন ২৪ গৰাকী ন্যায়াধীশেও অংশগ্রহণ কৰে।

ৰাজ্যৰ আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত মুখ্য ন্যায়াধীশ সূর্যকান্তক আদৰণি জনায়। ইয়াৰ পাছতে মুখ্য ন্যায়াধীশগৰাকীৰ সন্মানার্থে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ লগতে উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উপস্থিত থাকে।

উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাই গণতান্ত্রিক প্রতিবাদ কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।