ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই সদৌ অসম ন্যায়াধীশ সন্থাৰ ৱেবছাইটটো উন্মোচন কৰে

কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ প্ৰেক্ষাগৃহত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই সদৌ অসম ন্যায়াধীশ সন্থাৰ ৱেবছাইটটো উন্মোচন কৰে। এই উপলক্ষে ন্যায়াধীশগৰাকীয়ে ন্যায়িক পেছাদাৰিত্ব, শিষ্টাচাৰ আৰু ন্যায়িক বিষয়াৰ পৰা আশা শীর্ষক বক্তৃতা আগবঢ়ায়। শ্রীভূঞাই কয় যে আজি মুকলি কৰা ৱেবছাইটটোৱে সদৌ অসম ন্যায়াধীশ সন্থাৰ সদস্যসকলৰ মাজত উন্নত যোগাযোগৰ সুবিধা প্রদান কৰি ফলপ্রসূ মঞ্চ হিচাপে পৰিগণিত হ’ব। নিজৰ ভাষণত তেওঁ ন্যায় ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা অক্ষুণ্ণ ৰাখিবলৈ ন্যায় ব্যৱস্থাটোৰ নিৰপেক্ষতা অটুট ৰখাৰ ওপৰত গুৰুত্ব দিয়ে। কোনো ধৰণৰ বাহ্যিক প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ বিচাৰ প্ৰক্ৰিয়া পৰিচালিত হোৱাটো প্রয়োজন বুলি তেওঁ কয়। ন্যায়াধীশগৰাকীয়ে জিলাসমূহত সেৱা আগবঢ়োৱা ন্যায়িক বিষয়াসকলক কর্তব্য পালনৰ সময়ছোৱাত সাংবিধানিক স্থিতি অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেওঁ লগতে সকলো সময়তে আইনৰ মৰ্যাদা অটুট ৰাখিবলৈ তেওঁলোকক পৰামৰ্শ দিয়ে। এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰেও ভাষণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।