ডাউনলোড
মোবাইল এপ

android apple
signal

উচ্চতম ন্যায়ালয় বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি

উচ্চতম ন্যায়ালয় বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি হৈছে। ন্যায়াধীশ সূৰ্য্যকান্ত আৰু জয়মালা বাগ্‌ছীক লৈ গঠিত খণ্ড আদালতে কয়, যে আধাৰ কাৰ্ড আৰু ভোটদাতাৰ পৰিচয় পত্রকো এই সংশোধনীত নথি হিচাপে গ্ৰহণ কৰিবলৈ যোৱা ১০ জুলাইত আদালতে দিয়া নিৰ্দেশৰ জৰিয়তে আবেদনকাৰীৰ যুক্তিক ঔচিত্য প্ৰদান কৰা হৈছে। খণ্ড আদালতে ভোটাৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত কোনো আইন ভংগ হ’লে ইয়াক নাকচ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে। আদালতে স্পষ্ট কৰি দিয়ে, যে ভোটাৰ তালিকাৰ পৰা বৃহৎ সংখ্যক লোক বাদ পৰাতকৈ বৃহৎ সংখ্যক লোক অন্তর্ভুক্ত হোৱাটোহে নির্বাচন আয়োগৰ লক্ষ্য হোৱা উচিত। নির্বাচন আয়োগক দাখিল কৰা ভোটাৰ কাৰ্ড ভুৱা হ’ব পাৰে বুলি আয়োগৰ অধিবক্তাই দর্শোৱা যুক্তি সন্দৰ্ভত খণ্ড আদালতে কয়, যে যিকোনো নথিয়েই জাল বা ভুৱা হ’ব পাৰে। এইসমূহৰ সত্যাসত্য বিচাৰ কৰাৰ দায়িত্ব কৰ্তৃপক্ষৰ।
ইয়াৰ আগতে এছ’ছিয়েচন অৱ ডেমক্রেটিক ৰিফৰ্মছ নামৰ সংস্থাটোৰ অধিবক্তা গোপাল শংকৰ নাৰায়ণনে বিহাৰৰ ভোটাৰ তালিকাৰ এই বিশেষ সংশোধনীৰ ফলত প্রায় ৪ কোটি ৫০ লাখ ভোটদাতা আহুকালত পৰিব বুলি যুক্তি দর্শায়। তেওঁ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডকো মান্য নথি হিচাপে গণ্য কৰিবলৈ খণ্ড আদালতে যোৱা ১০ জুলাইত দিয়া নির্দেশ নির্বাচন আয়োগে পালন নকৰা বুলিও অভিযোগ কৰে। গোচৰটোৰ পৰৱৰ্তী শুনানী শীঘ্ৰেই লোৱা হ’ব বুলি আদালতে দুয়োপক্ষৰ অধিবক্তাক জনায়।

অধিক পঢ়ক

সকলো চাওক