উচ্চতম ন্যায়ালয়ৰ দুগৰাকী নৱনিযুক্ত ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ

● ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইয়ে আজি উচ্চতম ন্যায়ালয়ক দুগৰাকী নৱনিযুক্ত ন্যায়াধীশক কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত ন্যায়াধীশ আলোক আৰাধে আৰু ন্যায়াধীশ মনোভাই পঞ্চোলিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে দুদিন পূৰ্বে তেওঁলোকক নিযুক্তি দিয়া হৈছিল। আজি নতুনকৈ দুগৰাকী ন্যায়াধীশৰ শপত গ্ৰহণৰ লগে লগে উচ্চতম ন্যায়ালয়ত নিযুক্ত ন্যায়াধীশৰ সংখ্যা নিৰ্ধাৰিত ৩৪লৈ বৃদ্ধি পালে।