ডাউনলোড
মোবাইল এপ

android apple
signal

উচ্চতম ন্যায়ালয়ত ৱাকফ আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোটৰ শুনানি

● উচ্চতম ন্যায়ালয়ত আজি ৱাকফ (সংশোধনী) আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ এটা গোটৰ শুনানি গ্রহণ কৰা হ’ব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰে গঠিত বিচাৰপীঠে দুপৰীয়া ২ বজাত এই বিষয়ত শুনানি গ্ৰহণ কৰিব। যোৱা ১৭ এপ্ৰিলত অনুষ্ঠিত শুনানিত বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে আজিৰ নিৰ্ধাৰিত শুনানি প্ৰাৰম্ভিক শুনানিৰ বাবেহে আৰু প্ৰয়োজন হ’লে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰা হব।

যোৱা শুনানিত আদালতে এই সন্দৰ্ভত কিছুমান উদ্বেগ প্রকাশ কৰাৰ পিছত কেন্দ্ৰই সংশোধনী আইনখনৰ কিছুমান বিতর্কিত বিধান স্থগিত ৰখাৰ প্ৰতিশ্ৰুতি দিছিল। কেন্দ্ৰই আশ্বাস দিয়ে যে পঞ্জীয়নভুক্ত বা অধিসূচিত ৱাকফসমূহৰ ওপৰত কোনো প্ৰভাৱ নপৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৰাজ্যিক ৱাকফ ব’ৰ্ডত কোনো নিযুক্তি নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক