ইৰান-ইজৰাইলৰ মাজৰ সংঘর্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে মত বিনিময় কৰি ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘর্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে তেওঁলোকে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। যুদ্ধৰ পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰাৰ লগতে আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা শীঘ্ৰে ঘুৰাই অনাৰ বাবে আলোচনা তথা কূটনীতিৰ সহায় লবলৈ আহ্বান জনায়।
ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্রধানমন্ত্রী মোদীক সাম্প্রতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে এই সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে সদায় শান্তি আৰু মানৱীয়তাৰ পক্ষত ঠিয় দি আহিছে। প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, অর্থনৈতিক সহযোগিতা, বিজ্ঞান আৰু প্রযুক্তি, জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে একেলগে কাম কৰি যাবলৈ সন্মতি প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।