ইৰান আৰু ইজৰাইলৰ প্ৰত্যক্ষ সংঘাটত আজি ইৰানৰ আক্ৰমণত ইজৰাইলৰ ১০ গৰাকী লোকৰ মৃত্যু হয়। ইৰানে আজি তেহৰানৰ এটা তেল ডিপোত আক্রমণ চলায়। দুয়োখন দেশৰ সামৰিক সংঘাটে ৩ দিনত ভৰি দিছে। দুয়োখন দেশৰ চৰকাৰে পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰ কৰাৰ হুংকাৰ দিছে। এই কথাই স্বাভাৱিকতে মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি আঞ্চলিক অস্থিৰতা অধিক হোৱাত অৰিহনা যোগাইছে। ইৰানৰ ৰকেট আক্ৰমণত আজি ইজৰাইলৰ বিস্তৰ ক্ষতি হয়। শুকুৰবাৰৰ পৰা ইৰানে চলোৱা আক্ৰমণত ৩০০ ৰো অধিক ইজৰাইলী লোক আহত হৈ চিকিৎসাধীন হবলগীয়া হৈছে। ইজৰাইলৰ বহু মহানগৰত এতিয়া বিমান আক্রমণৰ সংকেত ধ্বনি শুনিবলৈ পোৱা গৈছে।
ইজৰাইলৰ বেট য়াম নামৰ উপকূলীয় মহানগৰখনত ইৰানৰ ক্ষেপনাস্ত্রই আঘাত হনাত ছজন লোকৰ মৃত্যু হয়। তাম্ৰা মহানগৰতো ইৰানৰ আক্ৰমনত ৪ জন লোক নিহত হয়। সমান্তৰালভাৱে ইৰানৰ ৰাজধানী তেহৰানত ইজৰাইলে চলোৱা আক্ৰমনৰ পাছত বৃহৎ অগ্নিকাণ্ডৰ সূচনা হয়। য়েমেনৰ ইৰান সমর্থিত হুথি সন্ত্রাসবাদী গোটে দাবী কৰা অনুসৰি তেওঁলোকে ইজৰাইলৰ বিভিন্ন স্থানত চলোৱা আক্ৰমনত তেহৰানক সহযোগ কৰিছে। ইৰানৰ বৈদেশিক মন্ত্ৰী আববাছ আৰাঘেছিয়ে তেহৰানত কয় যে যদিহে ইজৰাইলে আক্ৰমণ তীব্ৰ কৰে তেন্তে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব।
Site Admin | June 15, 2025 2:14 PM | Iran-Israel
ইৰানৰ আক্ৰমণত ইজৰাইলৰ ১০ গৰাকী লোকৰ মৃত্যু
