ডাউনলোড
মোবাইল এপ

android apple
signal

ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। দেশখনত থকা ভাৰতীয়ক লৈ আন এখন বিমান আজি উভতি অহাৰ সম্ভাৱনা আছে। ইয়াৰ আগেয়ে উত্তৰ ইৰানৰ পৰা ১১০গৰাকী ভাৰতীয় শিক্ষাৰ্থীক লৈ অহা এখন বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বর্ধন সিঙে কয়, যে কেন্দ্ৰীয় চৰকাৰে ইৰানত থকা ৩৫০ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ বাবে অনুৰোধ লাভ কৰিছে। তুর্কমেনিস্তানত আবদ্ধ হৈ থকা ভাৰতীয় সকলক নিৰাপদে ওভতাই অনাৰ বাবে আন এখন বিমান আজি ৰাওনা হ’ব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে বিমানৰ বাবে নিৰাপদ আৰু মুকলি উৰণ পথ ব্যৱহাৰ কৰিছে আৰু এই সুৰক্ষিত পথেৰে যাত্ৰীসকলক ওভতাই অনা হ’ব। ভাৰতে ইৰান আৰু ইজৰাইলৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিস্থিতিৰ অৱনতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইৰানত থকা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে অপাৰেচন সিন্ধু আৰম্ভ কৰিছিল।
ইৰানত থকা ভাৰতীয় লোকসকলক তাৎক্ষণিক হেল্পলাইনৰ জৰিয়তে তেহৰানৰ ভাৰতীয় দূতাবাসৰ সৈতে সঘন যোগাযোগত থাকিবলৈ আৰু নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।