ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 18, 2025 12:41 PM | America-Iran

printer

ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সকিয়নী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সামাজিক মাধ্যমত এলানি ভাবুকিমুলক পোষ্ট যোগে প্ৰকাশ কৰিছে যে, ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক আমেৰিকাই হত্যা কৰিব পাৰে যদিও তেনে কৰাৰ পৰা বিৰত আছে। আমেৰিকাৰ সাধাৰণ নাগৰিক আৰু সৈন্যৰ বিৰুদ্ধে হ’ব পৰা প্রত্যাক্রমণৰ সম্ভাৱনালৈ লক্ষ্য ৰাখিয়েই আলী খামেনেইক আমেৰিকাই হত্যা নকৰাৰ একমাত্ৰ কাৰণ। দেশখনৰ সৰ্বোচ্চ নেতাগৰাকীক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ ট্ৰাম্পে সকিয়নী প্ৰদান কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণক বিনাচতে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই কয়, যে আমেৰিকাই ইৰাণৰ সর্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই ক’ত লুকাই আছে, ভালদৰে জানে। কিন্তু এই পর্যন্ত তেঁও সুৰক্ষিত হৈ আছে। আমেৰিকাই কোনো কাৰণতে সাধাৰণ নাগৰিক আৰু মাৰ্কিন সেনাৰ ওপৰত ক্ষেপণাস্ত্র বা গুলীবর্ষণ হোৱাটো নিবিচাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে জি-চেভেন ভ্রমণ আধাতে সামৰাৰ পাছত তেহেৰানৰ ৯৫ লাখ বাসিন্দাক দেশ এৰিবলৈ আহ্বান জনোৱাৰ পটভূমিত এই পোষ্টসমূহ দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ পূৰ্বে ট্ৰাম্পে দৃঢ়তাৰে কৈছিল যে আমেৰিকাই এই সংঘাতত বৰ্তমানলৈ যোগদান কৰা নাই। কিন্তু ইৰাণক পাৰমাণৱিক কাৰ্যসূচী শেষ কৰাৰ চুক্তি কৰিবলৈ আমেৰিকাই কঠোৰভাৱে সকিয়নী প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।