ইৰাণৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক

ইৰাণৰ পৰিস্থিতি সন্দৰ্ভত আজি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব। ইৰাণত কেইবা সপ্তাহ ধৰি দেশজুৰি চলি থকা প্রতিবাদ আৰু কৰ্তৃপক্ষৰ হিংসাত্মক দমনৰ পাছত উত্তেজনা অব্যাহত আছে। ইৰাণে নিশাৰ ভিতৰতে প্রায় পাঁচ ঘণ্টাৰ বাবে নিজৰ সমগ্র আকাশমার্গ কিছু সময়ৰ বাবে বন্ধ কৰি দিয়াৰ এদিন পাছতে এই বৈঠক অনুষ্ঠিত হব। ইয়াৰ ফলত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাই বিমান সেৱাৰ পথ সলনি বা বাতিল কৰিবলগীয়া হৈছিল। ইৰাণৰ অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষই আজি পুৱা আকাশমাৰ্গ মুকলি কৰে আৰু ক্ৰমান্বয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সেৱা আৰম্ভ হয়।

আমেৰিকাই সামৰিক ব্যৱস্থা গ্রহণ কৰিলে চুবুৰীয়া দেশসমূহত আমেৰিকাৰ সুবিধাসমূহ লক্ষ্য কৰি লোৱা হ’ব পাৰে বুলি ইৰাণৰ জ্যেষ্ঠ বিষয়াসকলে সকীয়াই দিয়াৰ পিছতে আমেৰিকাই সতর্কতামূলক ব্যৱস্থা হিচাপে পশ্চিম এছিয়াত থকা সামৰিক ঘাটিসমূহৰ পৰা কিছু কর্মী প্রত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছে। এজন পশ্চিমীয়া সামৰিক বিষয়াই কয় যে এই পদক্ষেপে অধিক অনিশ্চয়তাক প্ৰতিফলিত কৰিছে আৰু লগতে কয় যে অনিশ্চয়তা আমেৰিকাৰ কৌশলৰ অংশ হৈ পৰিছে। ইৰাণৰ নেতৃত্বই বাহ্যিক শক্তিসমূহে অশান্তিৰ ইন্ধন যোগোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ইৰাণ আলোচনাক আদৰণি জনোৱাৰ লগতে যুদ্ধৰ বাবেও সাজু বুলি ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।