ইৰাণলৈ অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান ইৰাণত থকা ভাৰতীয় দূতাবাসৰ

ইৰাণত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক ইৰাণলৈ অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। শেহতীয়া কেইবাটাও সপ্তাহজুৰি অঞ্চলটোত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এই ভ্রমণ পৰামৰ্শাৱলী জাৰি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পষ্টত দূতাবাসে ভাৰতীয় নাগৰিকসকলক দেশখনলৈ অদৰকাৰী ভ্ৰমণৰ পূৰ্বে পৰিৱৰ্তিত পৰিস্থিতিৰ বিষয়ে সূক্ষ্মভাৱে বিবেচনা কৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ লগতে শেহতীয়া আঞ্চলিক ঘটনাক্রম নিৰীক্ষণ কৰিবলৈ আৰু ভাৰতীয় কৰ্তৃপক্ষই জাৰি কৰা নতুন পৰামৰ্শাৱলী মানি চলিবলৈও দূতাবাসে নাগৰিকসকলক আহ্বান জনাইছে।বৰ্তমান ইৰাণত থকা আৰু ভাৰতলৈ উভতি আহিবলৈ বিচৰা ভাৰতীয় নাগৰিকসকলৰ বিষয়ে উল্লেখ কৰি দূতাবাসে কয়, যে তেনে লোকসকলে বর্তমান উপলব্ধ থকা বাণিজ্যিক বিমান আৰু জাহাজৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।