ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড’ৰত যাত্ৰীবাহী ৰে’লগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু

● মেক্সিকোৰ ছেলিনা ক্রুজ কোৱাটজাকোৱালকোচ পথৰ ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড’ৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮গৰাকী আহত হয়। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰেলগাড়ীখনত ২৫০গৰাকী যাত্ৰী আছিল। মেক্সিকোৰ নৌসেনা বিভাগে উদ্ধাৰ অভিযানৰ বাবে ৩৬০গৰাকী জোৱান, এম্বুলেন্স, ড্রোণকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি ক্লৌডিয়া শ্বেইনবমে সংশ্লিষ্ট বিষয়াসকলক আহত লোকসকলক প্রয়োজন সাপেক্ষে চিকিৎসা সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।