ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি

■ ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ে ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি কৰিছে। এই নীতি-নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সৰ্বাত্মক আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা প্ৰণালীৰ গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সৰ্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ চুড়ে মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনৰ উপস্থিতিত কালি নতুন দিল্লীত এই নীতি-নিৰ্দেশনা মুকলি কৰে।
এই উপলক্ষে প্ৰফেচাৰ চুড়ে কয়, যে কাৰো ক্ষতি সাধন নকৰাটো এই পৰিকাঠামোৰ মূল ভাৱনা। তেওঁ কয়, যে ভাৰতে উদ্ভাৱনৰ বাবে ছেণ্ট বক্স অর্থাৎ উপ-প্রণালী গঢ়ি তোলাৰ বাবে আৰু সুগম তথা অনুকূল প্ৰণালীৰ ভিতৰত বিপদাশংকা প্রশমনৰ বিষয়ে গুৰুত্ব আৰোপ কৰিছে। ভাৰত কৃত্রিম বুদ্ধিমত্তা মিছনে এই তন্ত্র অধিক সমৰ্থৱান কৰি তুলিব আৰু আন ভালেমান ৰাষ্ট্ৰক অনুপ্ৰাণিত কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।