ইম্ফলৰ খুমান লম্পাক ষ্টেডিয়ামত অহা ৩০ জুলাইত ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৪ সংখ্যক সংস্কৰণ আৰম্ভ হ’ব। ইয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। খুমান লম্পাক ষ্টেডিয়ামত গ্রুপ-এফৰ খেলসমূহ অনুষ্ঠিত হ’ব। ৰিয়েল কাশ্মীৰ এফ চি, ভাৰতীয় নৌসেনা ফুটবল দল আৰু নেৰ’কা এফ চি তথা ট্রাও এফ চি নামৰ দুটা স্থানীয় দলক এই গ্রুফ-এফত অন্তৰ্ভুক্ত কৰা হৈছে। দেশৰ অন্যান্য চহৰত ডুৰাণ্ড কাপৰ খেলসমূহ ইতিমধ্যে আৰম্ভ হৈছে। প্ৰথমখন খেলত স্থানীয় দল দুটা প্রতিযোগিতাত অৱতীৰ্ণ হ’ব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মণিপুৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ সঞ্চালক ড০ মায়েংবাম ভেটো সিঙে কৈছে যে সংশ্লিষ্ট বিভাগসমূহে ভাৰতীয় সেনাৰ সহযোগিতাত এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয়, যে প্রতিযোগিতাৰ বিভিন্ন দিশ চোৱাচিতা কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত আয়োজক সমিতিৰ লগতে ১৭ খন উপ-সমিতি গঠন কৰি দিয়া হৈছে।
Site Admin | July 28, 2025 10:43 AM | durand cup 2025
ইম্ফলৰ খুমান লম্পাক ষ্টেডিয়ামত ৩০ জুলাইত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ১৩৪ সংখ্যক সংস্কৰণ আৰম্ভ হ’ব
