ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰ্যালয়ে সামাজিক মাধ্যমযোগে কৈছে যে, দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক উন্নীত কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণত গুৰুত্ব আৰোপ কৰা হব। মন্ত্ৰ্যালয়ে এই শপতগ্রহণ অনুষ্ঠানত শ্ৰীমাৰ্ঘেৰিটাৰ অংশগ্রহণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকে সূচাইছে বুলি প্ৰকাশ কৰিছে। ভাৰত আৰু ইণ্ডোনেছিয়াই এইবছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ আৰু পূব এছিয়াৰ দেশসমূহক গুৰুত্ব প্ৰদানৰ ভাৰতৰ এক্ট ইষ্টৰ নীতিৰ দশকপূর্তি উদযাপন কৰিছে। ইণ্ডোনেছিয়া এক্ট ইষ্টৰ নীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ ।