ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত দুদিনীয়াকৈ গুৱাহাটীত ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সহযোগত আৰু ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত আজিৰেপৰা দুদিনীয়াকৈ গুৱাহাটীত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰত আই আই টিৰ অধ্যাপক, বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰযুক্তিবিদসকলৰ লগতে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড তথা বিভিন্ন ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনা চক্ৰত সেতু নিৰ্মাণৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা উন্নত পদ্ধতি, আধুনিক প্রযুক্তি বিদ্যা তথা কৌশলৰ প্রয়োগ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। অংশগ্ৰহণকাৰীসকলক দক্ষতা আৰু গুণগতমান বৃদ্ধিৰ বাবে উদ্ভাৱনীমূলক আৰু কম ব্যয়ৰ প্ৰযুক্তিৰ ব্যৱহাৰ, গৱেষণা, নতুন নীতি, উন্নত কৌশল প্রযুক্তি আদিৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।