ইজৰাইল আৰু হামাছে গাজাত চলি থকা যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে আলোচনা পুনৰ আৰম্ভ কৰিছে। কাটাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত কালি দোহাত এই আলোচনা আৰম্ভ হয়। এই আলোচনাৰ কথা নিশ্চিত কৰি হামাছৰ এগৰাকী বিষয়া মেহমুদ মাৱিয়ে কয়, যে আলোচনাত যুদ্ধ বিৰতি নিশ্চিত আৰু পণবন্দী চুক্তি চূড়ান্ত কৰাত গুৰুত্ব আৰোপ কৰা হ’ব। হামাছে ৬০ দিনীয়া যুদ্ধ বিৰতি আৰু পেলেষ্টাইনী কয়দীৰ মুক্তিৰ বিনিময়ত ৯ গৰাকী পণবন্দীক মুকলি কৰি দিবলৈ সন্মতি প্ৰকাশ কৰিছে। ইজৰাইলে এই প্ৰস্তাৱ সন্দৰ্ভত কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই যদিও আলোচনাৰ পূৰ্বে কালি কাটাৰত কয়, যে দেশখনে গাজাৰ পৰা সৈন্য প্রত্যাহাৰ নকৰে আৰু যুদ্ধ অৱসানৰ প্ৰতিশ্ৰুতি প্ৰদান নকৰে। অৱশ্যে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কেইজে আলোচনা আৰম্ভ হোৱাৰ কথা স্বীকাৰ কৰিছে। তেওঁ কয়, যে হামাছে প্রথমে আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও ইজৰাইলৰ গীদোন্স ছেৰিয়েট অভিযান আৰম্ভ হোৱাৰ পাছত দেশখনৰ স্থিতি সলনি হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে সংঘৰ্ষৰ সম্প্ৰসাৰণ আৰু হামাছক উৎখাত কৰাৰ বাবে আৰম্ভ কৰা ইজৰাইলৰ সামৰিক অভিযান এই উদ্দেশ্য সফল নোহোৱালৈকে অব্যাহত থাকিব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে অসামৰিক লোকৰ স্থানান্তৰলৈ উদ্বেগ প্রকাশ কৰিছে আৰু গাজাৰ বাহিৰলৈ বলপূৰ্বক স্থানান্তৰনৰ বিৰোধিতা কৰিছে।
Site Admin | May 18, 2025 11:56 AM | israel hamas war
ইজৰাইল আৰু হামাছৰ মাজত আলোচনা পুনৰ আৰম্ভ
