ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধ বিৰতি উলংঘনক লৈ পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাক কেন্দ্ৰ কৰি গাজা অঞ্চলত শেহতীয়াকৈ পুনৰ উত্তেজনা বৃদ্ধি পাইছে। গাজাৰ আহত লোকসকলৰ লগতে ইজিপ্তৰ পাৰপত্ৰৰ অধিকাৰী লোকসকলৰ বাবে কাইলৈ সীমান্ত পথ পুনৰ মুকলি কৰি দিব বুলি পেলেষ্টাইনী দূতাবাসে জাৰি কৰা এটা বিবৃতিৰ বিপৰীত স্থিতি স্পষ্ট কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহৰ কাৰ্যালয়ে পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত ৰাফা সীমান্ত বন্ধ থাকিব বুলি প্ৰকাশ কৰাত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই কাৰ্যৰ জৰিয়তে নেতান্যাহুৱে যুদ্ধবিৰতি চুক্তি উলংঘা কৰা বুলি হামাছে ইজৰাইলক দোষাৰোপ কৰিছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত যোৱা ১০ অক্টোবৰত সম্পন্ন হোৱা যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হৈ থকা অৱস্থাতো ইজৰাইলে মুঠ ৪৭ বাৰ এই চুক্তি উলংঘা কৰি ৩৮ গৰাকী লোকক হত্যা কৰাৰ লগতে আন ১৪৩ গৰাকীক আহত কৰা বুলি পেলেস্তাইনী কর্তৃপক্ষই অভিযোগ কৰিছে। ইয়াৰ মাজতে ইজৰাইলে এই বুলি অভিযোগ কৰে যে হামাছে বিশেষকৈ নিহত পণবন্দীসকলৰ মৃতদেহ ওভতাই দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতাক অস্বীকাৰ কৰিছে।
আনহাতে, অঞ্চলটোত উদ্ভৱ হোৱা এনে সংকটজনক পৰিস্থিতিৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে অহা বছৰৰ বাবে নিৰ্ধাৰিত দেশখনৰ সাধাৰণ নির্বাচন সময়মতে অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। উল্লেখযোগ্য যে, ৭৫ বছৰ বয়সীয়া নেতান্যাছ হ’ল ইজৰাইলৰ সবাতোকৈ দীর্ঘকাল ধৰি সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী আৰু ২০২২ বৰ্ষৰ ডিচেম্বৰত ক্ষমতালৈ উভতি অহা কঠোৰ সোপন্থী মিত্ৰজোঁটৰ চৰকাৰখনক তেওঁ নেতৃত্ব প্রদান কৰি আহিছে।