ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ অব্যাহত

মিছাইল আৰু আকাশমাৰ্গেৰে কৰা আক্ৰমণেৰে আজি ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষই আজি ছদিন অতিক্ৰম কৰিছে। তেহৰানত হোৱা বিস্ফোৰণৰ পাছত কেন্দ্ৰীয় চালিত আৰু অস্ত্ৰ উৎপাদনৰ এলেকাসমূহ আক্রমণ কৰাৰ কথা ইজৰাইলে নিশ্চিত কৰিছে। হাইপাৰচনিক ফাতেহ প্রজেক্টাইলকে ধৰি আন বহুতো মিছাইলেৰে ইৰানে, ইজৰাইলৰ বিমান সামৰিক ব্যৱস্থাৰ জৰিয়তে আক্রমন কৰে। ইজৰাইলৰ সামৰিক বাহিনীয়ে জনাইছে যে তেহৰানত থকা কেন্দ্ৰ চালিত উৎপাদন এলেকা আৰু একাধিক অস্ত্ৰ নিৰ্মাণকাৰী ব্যৱস্থাসমূহ নস্যাৎ কৰাৰ বাবে আক্ৰমন চলোৱা হৈছিল। পঞ্চাশ খনতকৈও বেছি ফাইটাৰ জেট এৰোপ্লেনে এই আক্ৰমনত অংশ লৈছিল। ইজৰাইলৰ সামৰিক বাহিনীয়ে ইয়াৰ লগতে আৰু বহুতো অস্ত্র উৎপাদনকাৰী অঞ্চলক লক্ষ্য কৰি লোৱা হৈছিল বুলি জানিবলৈ দিছে। আন্তৰাষ্ট্ৰীয় পৰমাণু শক্তিকেন্দ্ৰই এই আক্ৰমনৰ কথা নিশ্চিত কৰিছে। আনহাতে ইৰানৰ নেতা আয়াতুল্লা আলি খামেনেই ইজৰাইলক সতর্কবাণী প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে খামেনেই কৈছে যে যুদ্ধ ইতিমধ্যেই আৰম্ভ হৈছে। তেওঁ লগতে কয় যে ইৰানে ইজৰাইলক সঠিক প্ৰত্যুত্তৰ দিব লাগিব। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ইৰানক আত্মসমৰ্পন কৰাৰ বাবে আহ্বান জনাইছিল । ইজৰাইলৰ সামৰিক মুখপাত্র এফি ডেফ্রিনে কয় যে যোৱা ৫ টা দিনত ইজৰাইলৰ সামৰিক বাহিনীয়ে ইৰানৰ এহেজাৰ এশটা লক্ষ্যত আক্রমন চলাইছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।