ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 22, 2025 12:13 PM | iran israel war

printer

ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ’ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব

ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইৰাণৰ পাৰমাণৱিক স্থানত ইজৰাইলৰ আক্ৰমণৰ লগত সহযোগ কৰাৰ কথা বিবেচনা কৰাৰ সময়তে প্রশান্ত মহাসাগৰৰ ওপৰেৰে উৰি যোৱা আমেৰিকাৰ বোমাৰু বিমানে যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে। ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ’ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
ইৰাণৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ বান্দাৰ আব্বাছৰ বন্দৰ চহৰত কালি ইজৰাইলী বাহিনীয়ে নতুনকৈ আক্ৰমণ চলায়। ইজৰাইলৰ সেনাই সেই স্থানত মানৱবিহীন বিমানৰ ডিপো আৰু অস্ত্ৰ-শস্ত্ৰৰ সুবিধা থকা বুলি প্ৰকাশ কৰে। বান্দাৰ আব্বাছ হৈছে ইৰাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক প্ৰৱেশদ্বাৰ। ইয়াত দেশখনৰ মূল বন্দৰ, নৌসেনাৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ ওচৰতে এটা গুৰুত্বপূৰ্ণ তেলৰ আন্তঃগাঁথনি আছে, য’ত বিশ্বৰ প্ৰায় ২০ শতাংশ তেলৰ বাণিজ্য হয়। ইৰাণে ইজৰাইলৰ ফালে মিছাইল আৰু ড্ৰ’ন আক্ৰমণ কৰাৰ সময়ত ইজৰাইলে ইছফাহান পাৰমাণৱিক স্থানৰ বিৰুদ্ধেও বিমান আক্রমণ চলায়। ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰাৰ ফলত আঞ্চলিক শক্তি আৰু আন্তঃৰাষ্ট্ৰীয় পর্যবেক্ষকৰ পৰা ক্রমাৎ উদ্বেগ প্রকাশ পাইছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি শেহতীয়াকৈ ইৰাণে ইজৰাইলৰ ভূখণ্ডত প্ৰায় ৪০খন ড্ৰ’নেৰে আক্ৰমণ কৰে। ইয়াৰ প্রতুত্তৰত ইজৰাইলৰ বাহিনীয়ে দক্ষিণ-পশ্চিম ইৰাণত কেইবাটাও সামৰিক স্থানত আঘাত হানে। আক্ৰমণ কৰা অঞ্চল সমূহৰ ভিতৰত খুজেস্তান প্ৰদেশৰ এটা জৰুৰীকালীন কেন্দ্ৰও আছিল। ইৰাণৰ সংবাদ মাধ্যমৰ মতে বোমাবর্ষণত সেই স্থানত থকা এখন বিশ্ববিদ্যালয় সম্পূৰ্ণৰূপে ধ্বংস হয়। ইফালে আমেৰিকাই এই অঞ্চলত সামৰিক গতিবিধি বৃদ্ধি কৰিছে। পেন্টাগনে মিছৌৰীত থকা তেওঁলোকৰ ঘাটিৰ পৰা প্রশান্ত মহাসাগৰলৈ বি-২ বোমাৰু বিমান সষ্টম কৰি ৰাখিছে। এই সংঘাতৰ বাবে সমগ্র পশ্চিম এছিয়াত ইৰাণ সমর্থিত গোটসমূহে সতর্কবাণী প্ৰদান কৰিছে আৰু তেহৰাণক লক্ষ্য কৰি সামৰিক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আমেৰিকাক সকীয়াই দিছে। বিদ্রোহীসকলে বিশেষভাৱে ভাবুকি দিছিল যে যদিহে ৱাশ্বিংটনে ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ সামৰিক অভিযানত যোগদান কৰে তেন্তে লোহিত সাগৰত আমেৰিকাৰ জাহাজ আৰু যুদ্ধজাহাজক লক্ষ্য কৰি আক্ৰমণ কৰা হ’ব। এই সমস্যা সমাধানৰ বাবে কোনোধৰণৰ কূটনৈতিক প্রচেষ্টা এতিয়ালৈকে সফল হোৱা নাই। ইজৰাইলৰ বোমা বিস্ফোৰণ অভিযান অব্যাহত থাকিলে ইৰাণৰ বিষয়াসকলে আমেৰিকাৰ সৈতে আলোচনাত অংশ গ্রহণ নকৰে বুলি প্ৰকাশ কৰিছে।