ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 24, 2025 8:55 PM | Donlad trump

printer

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ বিৰতি বলবৎ হৈ আছে বুলি ডনাল্ড ট্রাম্পৰ প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ বিৰতি বলবৎ হৈ আছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। শ্রীট্টাম্পে কয়, যে ইজৰাইলে ইৰাণক আক্ৰমণ নকৰে আৰু সকলো বিমান গৃহ অভিমুখে ৰাওনা হব। শ্ৰীট্টাম্পে লগতে যুদ্ধ বিৰতি বলবৎ হৈ থকা বাবে কোনো লোক আহত নহয় বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইল আৰু ইৰাণ উভয়ে যুদ্ধ বিৰতি উলংঘা কৰা বুলি মন্তব্য কৰিছিল।
       ইয়াৰ আগেয়ে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে ৰাষ্ট্ৰপতি ট্রাম্পে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পাছতো ইজৰাইলে ক্ষেপণাস্ত্র নিক্ষেপ কৰা বুলি দাবী কৰিছে। প্ৰতিৰক্ষা বাহিনীয়ে ইৰাণৰ পৰা নতুনকৈ ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ ঘটনা ধৰা পৰা আৰু ইজৰাইলৰ উত্তৰ প্ৰান্তত চাইৰেণৰ ধ্বনি বাজি উঠা বুলি কৈছে। ইজৰাইলে ইৰাণৰ সৈতে দ্বিপাক্ষিক যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পাছতে এই ঘটনা সংঘটিত হৈছে। ইজৰাইলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কেজে ইৰাণ সন্দৰ্ভত আমেৰিকা আৰু কাটাৰৰ মধ্যস্থতাত হোৱা যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছত ৰাজধানী টেহৰাণক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলোৱাৰ নিৰ্দেশ দিছে। ইপিনে, ইৰাণৰ সশস্ত্র বাহিনীসমূহৰ জেনেৰেল ষ্টাফে বিগত কেই ঘণ্টামানত ক্ষেপণাস্ত্র নিক্ষেপ কৰা বুলি ইজৰাইলে কৰা দাবী নুই কৰিছে। অন্য এক ঘটনাক্ৰমত ইৰাণৰ উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত উত্তেজনা হ্রাস কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে কাটাৰৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছে। ইয়াৰ পূৰ্বে, দিনৰ ভাগত ইজৰাইলৈ ইৰাণৰ সৈতে যুদ্ধ বিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি সন্মতি প্রকাশ কৰে। প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত টেহৰাণৰ পাৰমাণৱিক আৰু বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ বিপদাশংকা দূৰ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ পাছত দেশখনে যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰা বুলি উল্লেখ কৰে। বিবৃতিটোত লগতে ইৰাণৰ পাৰমাণৱিক ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থন আৰু সহযোগিতাৰ বাবে আমেৰিকাক ধন্যবাদ জ্ঞাপন কৰা হৈছে। নেতানাহুৱে কৈছে, যে ইজৰাইলে যুদ্ধ বিৰতি উলংঘনৰ ঘটনাৰ যোগ্য প্ৰত্যুত্তৰ দিব। ইয়াৰ আগেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কয়, যে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি প্ৰযোজ্য হৈছে। তেওঁ লগতে দুয়োপক্ষকে যুদ্ধ বিৰতি উলংঘা নকৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।