January 7, 2026 9:59 PM | PM-Israel

printer

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে দেশ দুখনৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনযোগে বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৰ সৈতে টেলিফোনযোগে কথা পাতি দুয়োখন দেশৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই গণতান্ত্রিক মূল্যবোধ, গভীৰ পাৰস্পৰিক বিশ্বাস আৰু দূৰদৰ্শী দৃষ্টিভংগীকে ধৰি ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ অগ্ৰাধিকাৰমূলক বিষয়সমূহ চিনাক্ত কৰে। তেওঁলোকে লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা দোহাৰে আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰনিশ্চিত কৰে। দুয়োগৰাকী নেতাই নতুন বছৰৰ অভিনন্দন জ্ঞাপন কৰাৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি আৰু সমৃদ্ধি কামনা কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।