ইছৰ’ৰ মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ নতুন দিল্লীত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰক সাক্ষাৎ

ভাৰতীয় বায়ু সেনাৰ টেষ্ট পায়লট, ইছৰ’ৰ মহাকাশচাৰী আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয়, গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই কালি নতুন দিল্লীত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শিক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে যে, এই বৈঠকত বিকশিত ভাৰত বিল্ডাথন ২০২৫ সন্দৰ্ভত আলোচনা কৰা হয়। এই আলোচনাত বিকশিত ভাৰতৰ যাত্ৰাত শৈক্ষিক খণ্ডত বৈজ্ঞানিক ভাৱনা, সৃষ্টিশীলতা আৰু শিক্ষাৰ্থীৰ মাজত উদ্ভাৱনৰ পৰিৱেশ সৃষ্টি কৰা দিশটোৱে গুৰুত্ব লাভ কৰে। উল্লেখযোগ্য যে, শুভাংশু শুক্লাক বিকশিত ভাৰত বিল্ডাথন ২০২৫ৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।