ইছৰ’ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যৰ ৫খন জিলাৰ ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা

ৰাজ্যৰ পাঁচখন জিলা-বাক্সা, চিৰাং, কোকৰাঝাৰ, নলবাৰী আৰু ওদালগুৰিৰ ১২ গৰাকী মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰ’ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে কালি যাত্ৰা কৰে। ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ২৬ জুলাইলৈকে ইছৰ’ৰ কাম-কাজ প্ৰত্যক্ষ কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নৱমৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৰাজ্যখনৰ চৰকাৰী আৰু প্ৰাদেশীকিকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। এই ভ্ৰমণৰ জৰিয়তে তেওঁলোকে ভাৰতৰ মহাকাশ অভিযান, গৱেষণাৰ সা-সুবিধা আৰু প্ৰযুক্তিগত দিশত অগ্রগতি সন্দৰ্ভত জানিব পাৰিব। সমগ্র শিক্ষা অসমৰ কাৰ্যালয়ত মিছন সঞ্চালক ড° ওম প্রকাশে নর্থ-ইষ্ট ষ্টুডেণ্ট প্ৰ’গ্ৰাম ফৰ এৱেৰনেছ, বিচ এণ্ড ন’লেজ অন স্পেচ অর্থাৎ এন ই স্পার্কছ কাৰ্যসূচীৰ অধীনত তৃতীয়টো গোটৰ এই ছাত্ৰ-ছাত্ৰীসকলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে উত্তৰ-পূব মহাকাশ প্রয়োগ কেন্দ্ৰৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতিখন ৰাজ্যৰ পৰা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক আই এছ আৰ ডি, বেংগালুৰুলৈ ভ্ৰমণৰ ব্যৱস্থা কৰি মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি সম্পর্কে সজাগতা বৃদ্ধিৰ বাবে পর্যায়ক্রমে প্ৰেৰণ কৰাৰ এটা প্রকল্প ৰূপায়ণ কৰা হৈছে। প্ৰকল্পৰ প্ৰতিটো পৰ্যায়ত এটা ১২ জনীয়া ছাত্ৰ-ছাত্ৰীৰ গোটক এগৰাকী শিক্ষকে নেতৃত্ব দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।